মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন সৈনিক কল্যান সঞ্চালকালয়

আমি কি কৰো

  • ১৯৪৪-৪৫ চনত জিলাৰপৰিষদসমূহক ইয়াৰ নিয়ন্ত্ৰণাধীন হিচাপে লৈ সৈনিক, নাৱিক আৰু বায়ু সেনা পৰিষদ গঠন হৈছিল। ১৯৬৩ চনৰ ১ জানুৱাৰী লৈ ই এটা স্বায়ত্বশাসিত সংস্থা হিচাপে কাম কৰি আছিল। ৰাজ্যিক পৰিষদখনে ৰাজ্য চৰকাৰৰ সাধাৰণ নীতি-নিয়মসমূহ মানি চলিছিল আৰু জিলা পৰিষদখনে ডি.এছ.এছ. আৰু এ. পৰিষদ চাকৰিয়াল (সেৱাৰ চৰ্তাৱলী) নিয়মাৱলী ১৯৫১ মানি চলিছিল। সেই সময়ত ৰাজ্যিক পৰিষদসমূহৰ ব্যৱস্থাপনা বাবে সম্পূৰ্ণ ব্যয় ৰাজ্য চৰকাৰৰ দ্বাৰা বহন কৰা হৈছিল, আৰু জিলা পৰিষদসমূহৰ ব্যৱস্থাপনাৰ ব্যয় ৫০:৫০ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ দ্বাৰা বহন কৰা হৈছিল।

    অসমত এছ.এছ. আৰু এ পৰিষদৰ সংস্থা ৰাজ্য চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা হৈছে আৰু ৰাজ্যিক পৰিষদৰ কাৰ্যালয়ক অসমৰ সমাজ কল্যাণ সঞ্চালকালয়ৰ স্থায়ী শাখা সাজি ১৯৬৩ চনৰ ২ জানুৱাৰীৰ পৰা সক্ৰিয়ভাৱে ইয়াক স্থায়ীকৰণ কৰা হৈছে। জিলাৰ পৰিষদসমূহৰ কাৰ্যালয়সমূহ সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ নিয়ন্ত্ৰণাধীন হৈ থাকিব। তাৰ পাছৰে পৰা তলত দিয়া ধৰণে সংস্থাৰ বিষয়বাবসমূহ সময়ে সময়ে পুনৰ মনোনীত হৈ আছে-

    কাৰ্যালয়ৰ নাম আৰু বিভাগৰ মুৰব্বী

    তলত দিয়া হিচাপে পুনৰ মনোনীত হৈছে

    তাৰিখ

    কৰ্তৃত্ব

    ৰাজ্যিক সৈনিক, নাৱিক আৰু বায়ু সেনা পৰিষদ (এছ.এছ. আৰু এ.) 

    ৰাজ্য সৈনিক পৰিষদ

    ২৩ জুন, ১৯৭৫

    জি.এ.জি.১৩৯/৭৫/৩, তাং ২৩ জুন,১৯৭৫

    সচিব, ৰাজ্যিক সৈনিক, নাৱিক আৰু বায়ু সেনা পৰিষদ

    সচিব, ৰাজ্য সৈনিক পৰিষদ

    জিলা সৈনিক, নাৱিক আৰু বায়ু সেনা পৰিষদ (এছ.এছ. আৰু এ.)

    জিলা সৈনিক পৰিষদ

    সচিব, জিলা সৈনিক, নাৱিক আৰু বায়ু সেনা পৰিষদ

    সচিব, জিলা সৈনিক পৰিষদ

    ৰাজ্য সৈনিক পৰিষদ

    সৈনিক কল্যাণ সঞ্চালকালয়, অসম

    ২ ছেপ্তেম্বৰ,১৯৯২

    জি.এ.জি.(এ)৭৩/৮২/,Pt-I/৬৪, তাং ২২ ছেপ্তেম্বৰ,১৯৯২

    সচিব, ৰাজ্য সৈনিক পৰিষদ

    সৈনিক কল্যাণ সঞ্চালক, অসম

    জিলা সৈনিক পৰিষদ

    জিলা সৈনিক কল্যাণ কাৰ্যালয়

    সচিব, জিলা সৈনিক পৰিষদ

    জিলা সৈনিক কল্যাণ বিষয়া

    বৰ্তমান অসমৰ সৈনিক কল্যাণ সঞ্চালকালয়ৰ নিয়ন্ত্ৰণৰ অধীনত ১৯টা জিলা সৈনিক কল্যাণ কাৰ্যালয়, ৰাজ্যখনৰ প্ৰাক্তন চাকৰিয়ালসকলৰ সম্প্ৰদায়ৰ বাবে কল্যাণমূলক কাম-কাজ সম্পাদনৰ বাবে উপলব্ধ হৈ আছে।