মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন সৈনিক কল্যান সঞ্চালকালয়

আমাৰ ইতিহাস

    • ১৯১৯ চনৰ ছেপ্তেম্বৰত গৃহীত হোৱা এটা চৰকাৰী প্ৰস্তাৱত তেতিয়াৰ ভাৰত চৰকাৰে সৈন্য মকৰল পৰিষদৰ কাৰ্যকাৰিতা বাতিল কৰিছিল আৰু ইয়াৰ ঠাইত ভাৰতীয় সৈনিক পৰিষদ নামৰ এখন নতুন পৰিষদ সেৱাৰত, অব্যাহতিপ্ৰাপ্ত আৰু মৃত ভাৰতীয় সৈন্য আৰু অ-যোদ্ধা তথা তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল সকলৰ স্বাৰ্থৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিষয়সমূহৰ ওপৰত পৰামৰ্শ দিবলৈ স্থাপন কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নৌ-বাহিনী আৰু বায়ু সেনাৰ বিকাশমান সম্প্ৰসাৰণৰ কাৰণে তিনিওবিধ সেৱাৰ সৈতে একেখিনি কাৰ্যকলাপৰ সম্পাদনৰ বাবে এটা একক সংস্থাৰ প্ৰয়োজন অনুভৱ কৰা হৈছিল আৰ ফলস্বৰূপে ১৯৪৪ চনত পৰিষদখন পুনৰ গঠিত হৈছিল।
    • ১৯৫১ চনৰ মাৰ্চত ইয়াক ভাৰতীয় সৈনিক, নাৱিক আৰু বায়ু সেনা পৰিষদ হিচাপে পুনৰ নামাকৰণ কৰা হৈছিল। ১৯৭৫ চনত পৰিষদৰ নামটো কেন্দ্ৰত, কেন্দ্ৰীয় সৈনিক পৰিষদলৈ আৰু ৰাজ্যিক আৰু জিলা পৰ্যায়ত ৰাজ্য সৈনিক পৰিষদ আৰু জিলা সৈনিক পৰিষদলৈ পৰিৱৰ্তন কৰা হৈছিল।
    • ভাৰত চৰকাৰৰ, ২০০৯ চনৰ ২৯ জানুৱাৰীত জাৰি হোৱা অধিসূচনা নং ১-নং ১০(০২)/I/D (Res.)/২০০৯ৰ জৰিয়তে পৰিষদে সুৰক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন চাকৰিয়াল কল্যাণ বিভাগৰ অধীনত কাৰ্য সম্পাদন কৰে।
    • প্ৰাক্তন চাকৰিয়াল আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল সকলৰ কল্যাণ সাধন কেন্দ্ৰ, ৰাজ্যসমূহ তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ যুটীয়া দায়িত্ব, যদিও বেছিভাগ সমস্যাই কেৱল ৰাজ্যসমূহ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা সমাধান কৰিবলগীয়া হয়। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক সহায় কৰিবলৈ দেশখনত ভালেসংখ্যক সৈনিক কল্যাণ সঞ্চালকালয়/ৰাজ্যিক সৈনিক পৰিষদ আৰু জিলা সৈনিক কল্যাণ কাৰ্যালয়/জিলা সৈনিক পৰিষদ আছে। আৰ.এছ.বি.সমূহ আৰু জেড.এছ.বি.সমূহ স্থাপন ব্যয়, কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত, বিশেষ মৰ্যাদাসম্পন্ন ৰাজ্যসমূহ (অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, উত্তৰাখণ্ড, জম্মু আৰু কাশ্মীৰ আৰু হিমাচল প্ৰদেশ)ৰ বাবে ৭৫:২৫ ভিত্তিত আৰু বাকীসমূহ ৰাজ্যৰ বাবে ৬০:৪০ ভিত্তিত ভগাই লোৱা হয়। কেন্দ্ৰত কেন্দ্ৰীয় সৈনিক পৰিষদৰ দৰে, সৈনিক কল্যাণ সঞ্চালকালয়/ৰাজ্যিক সৈনিক পৰিষদসমূহ আৰু জিলা কল্যাণ কাৰ্যালয়সমূহ/জিলা সৈনিক পৰিষদসমূহ, সেই সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাসিন্দা প্ৰাক্তন চাকৰিয়াল, বিধৱা আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে পুনৰ সংস্থাপন আৰু কল্যাণকামী আঁচনিসমূহ গঠন আৰু ৰূপায়ণৰ বাবে দায়ী।