মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন সৈনিক কল্যান সঞ্চালকালয়

সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস নিধিৰ বাবে বৰঙণি

প্ৰত্যেক বছৰৰ ৭ ডিচেম্বৰ তাৰিখে সশস্ত্ৰ বাহিনী পতাকা দিৱস পালন কৰা হয়। চৰকাৰৰ অনুমোদিত আঁচনি অনুসৰি ৰাজ্যখনৰ প্ৰাক্তন চাকৰিয়াল, অক্ষম প্ৰাক্তন চাকৰিয়াল, প্ৰাক্তন চাকৰিয়ালসকলৰ বিধৱা আৰু নিৰ্ভৰশীলসকল আৰু যুদ্ধৰ বিধৱাসকলৰ কল্যাণৰ বাবে বৰঙণি ধনসমূহ ব্যৱহাৰ কৰা হয়।

যোৱা দুটা বছৰত সংগৃহীত বৰঙণি তলত দিয়া ধৰণৰ-

৭ ডিচেম্বৰ,২০১৫ৰ পৰা ২০১৬ৰ ৬ ডিচেম্বৰলৈ ৩৩,২৯,৯৪০ টকা
৭ ডিচেম্বৰ,২০১৬ৰ পৰা ২০১৭ৰ মাৰ্চলৈ ১৮,৫৫,০৮৯ টকা