মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন সৈনিক কল্যান সঞ্চালকালয়

সৈনিক কল্যাণ বিভাগৰ দায়িত্বসমূহ

সৈনিক কল্যাণ সঞ্চালকালয়/ৰাজ্যসমূহৰ ৰাজ্য সৈনিক পৰিষদ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ তলত দিয়া কাৰ্যসমূহৰ বাবে দায়িত্ববাহী-

  1. ৰাজ্যৰ জিলা সৈনিক কল্যাণ কাৰ্যালয়সমূহৰ কাম-কাজসমূহ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰা আৰু সেইসমূহৰ ফলপ্ৰসূ কাৰ্যকাৰিতা সুনিশ্চি কৰা।
  2. ৰাজ্যখনৰ সংৰক্ষণৰ নীতি অনুসৰি প্ৰাক্তন চাকৰিয়াল আৰু বিধৱাসকলৰ বাবে খালী পদৰ অনুসন্ধান কৰিবলৈ ৰাজ্যখনৰ মন্ত্ৰালয়সমূহ, ৰাজ্যিক পৰিকল্পনা আৰু উদ্যোগ তথা বেংকসমূহৰ সৈতে সংযোগ বজাই ৰখা আৰু নিয়োগ নীতি অনুসৰি এনে খালী পদসমূহ পৰ্যবেক্ষণ কৰা তথা এইসমূহ যাতে প্ৰাক্তন চাকৰিয়াল তথা বিধৱাসকলে পূৰণ কৰে তাক সুনিশ্চিত কৰা আৰু কেন্দ্ৰৰ নিয়ম অনুসৰি ৰাজ্যখনত প্ৰাক্তন চাকৰিয়ালসকলৰ বাবে সংৰক্ষণৰ নীতি সংশোধিত কৰা।
  3. সশস্ত্ৰ বাহিনীৰ মৃত তথা জীৱিত ব্যক্তি বিষয়াসকলৰ পৰিয়াল আৰু প্ৰাক্তন চাকৰিয়ালসকলৰ পুনৰসংস্থাপন আৰু কল্যাণৰ বাবে ব্যৱস্থা উন্নীত কৰা।
  4. দেশখনৰ সশস্ত্ৰ বাহিনী সম্পৰ্কে সাধাৰণ মানুহক তথ্যৰ যোগান ধৰা আৰু সাধাৰণ মানুহৰ মাজত সশস্ত্ৰ বাহিনীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাবলৈ ব্যৱস্থা গ্ৰহণ কৰা।
  5. কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ দ্বাৰা বিহিত নিৰ্দেশনা নীতি-নিৰ্দেশনা অনুসৰি বাৰ্ষিক পৰিদৰ্শনকে ধৰি ৰাজ্যখনত জিলা সৈনিক কল্যাণ কাৰ্যালয়সমূহ পৰিচালনা কৰা। ৰাজ্য প্ৰশাসনৰ লগত সহযোগিতাৰে, জিলা সৈনিক কল্যাণ বিষয়াসকল আৰু তেওঁলোকৰ কৰ্মচাৰীসকলৰ পদসমূহ খালী হোৱাৰ লগে লগে পূৰ হোৱাটো সুনিশ্চিত কৰা।
  6. কে.এছ.বি.ৰ সচিবৰ দ্বাৰা অৰ্পিত দায়িত্বসমূহ পালন কৰা।
  7. ৰাজ্যখনৰ সৈনিক কল্যাণ বিভাগ/আৰ.এছ.বি. আৰু জে.এ.ডব্লিউ/জে.এছ.বি.সমূহৰ স্থাপন ব্যয়ৰ বাবে ব্যয়ৰ ৭৫ শতাংশ দাবী কৰিবলৈ কে.এছ.বি.সমূহক নথি-পত্ৰ দাখিল কৰা।
  8. ই.এছ.এম. আৰু বিধৱাসকল দুয়োটাৰ বাবে পেঞ্চনাৰ আৰু অ-পেঞ্চনাৰ শিতানৰ অধীনত কৰ্মৰত সুৰক্ষা বিষয়াসকলৰ পৰিয়াল, ই.এছ.এম, অক্ষম ই.এছ.এম, বিধবা আৰু নিৰ্ভৰশীলসকলৰ শেহতীয়া পৰিসংখ্যা বজাই ৰখা।
  9. প্ৰতিবেদন আৰু বিৱৰণীসমূহ সময় মতে কে.এছ.বি.ৰ ওচৰত দাখিলকৰণ সুনিশ্চিত কৰা।
  10. মুখ্যমন্ত্ৰী/ৰাজ্যপালৰ সভাপতিত্বৰ অধীনত আৰ.এছ.বি. সভা অনুষ্ঠিত কৰা আৰু ৰাজ্যৰ ৰাজ্যপালৰ অধীনত সংগৃহীত বিশেষ বিধি সভা অনুষ্ঠিত কৰা. এই সভাসমূহত সৃষ্টি হোৱা আৰু ৰূপায়িত হোৱা কল্যাণ আৰু পুনৰপ্ৰতিষ্ঠাকৰণৰ ব্যৱস্থা, নতুন পৰিকল্পনাসমূহ সম্পৰ্কে সমীক্ষা পৰ্যালোচনা কৰা হয়।
  11. ব্যক্তিগত খণ্ডত ই.এছ.এম. আৰু বিধৱাসকলৰ বাবে নিয়োগৰ সুবিধাৰ অনুসন্ধান কৰা আৰু পৰ্যবেক্ষণ কৰা।
  12. স্ব-নিয়োজনৰ উদ্যোগসমূহৰ পৰিকল্পনা আৰু নিধি যোগানৰ ই.এছ.এম আৰু বিধৱাসকলক সহায় কৰা।
  13. সমগ্ৰ বছৰ জুৰি সংগ্ৰহ অভিযান বৃদ্ধি কৰিবলৈ বিভিন্ন ৰাজ্যিক আৰু স্বেচ্ছাসেৱী সংস্থাসমূহৰ বাবে লক্ষ্য স্থিৰ কৰিবলৈ সশস্ত্ৰ বাহিনী পতাকা দিৱস নিধি কমিটীৰ সভা অনুষ্ঠিত কৰা। সংগৃহীত বিশেষ নিধিসমূহ প্ৰতিপালন কৰা আৰু এই নিধিসমূহৰ পৰিচালনা সমিতিৰ সিদ্ধান্ত অনুসৰি এই নিধিসমূহৰ পৰা ৰাজ্যখনত কল্যাণমূলক আঁচনিসমূহ উন্নীত কৰা।
  14. প্ৰাক্তন চাকৰিয়াল আৰু বিধৱাসকলৰ বাবে অতিৰিক্ত কল্যাণমূলক ব্যৱস্থা গ্ৰহণ কৰা। প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিভাগটোৰ দ্বাৰা গৃহীত হৈ থকা কল্যাণমূলক ব্যৱস্থা সম্পৰ্কে বহুল প্ৰচাৰকৰণ।
  15. প্ৰাক্তন চাকৰিয়াল আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ দ্বাৰা প্ৰকাশিত কৰ্তব্যমূলক আৰু অন্যান্য সমস্যাসমূহ ঠাইতে সমাধান আৰু প্ৰদত্ত বিভিন্ন সুবিধাসমূহ সম্প্ৰসাৰিতকৰণ প্ৰচাৰ কৰিবলৈ প্ৰাক্তন চাকৰিয়াল সমাবেশ আৰু পেন্সন আদালত অনুষ্ঠিতকৰণ।
  16. সংশ্লিষ্ট ৰাজ্যত অনুষ্ঠিত হৈ থকা প্ৰাক্তন চাকৰিয়ালৰ প্ৰশিক্ষণ সম্পৰ্কে ডি.জি.আৰ/কে.এছ.বি.ৰ সচিবলৈ প্ৰতিবেদন প্ৰেৰণ কৰা আৰু পৰিৱৰ্ত্তিত শৈলীৰ সৈতে সমানভাৱে পাঠ্যক্ৰমসমূহত পৰিৱৰ্তন সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰা।
  17. জেড.এছ.বি.সমূহৰ বাৰ্ষিক পৰিদৰ্শন পৰিচালক পৰিচালনা কৰা আৰু প্ৰতিবেদনসমূহ উপায়ুক্তসকল তথা কে.এছ.বি.ৰ মুখ্য সচিবৰ ওচৰত দাখিল কৰা।
  18. ভাট্টা আৰু দৰমহালৈ ৭৫ শতাংশ কেন্দ্ৰীয় অংশৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ আৰ.এছ.বি.সমূহ/জেড.এছ.বি.সমূহত কেৱল যে ই.এছ.এম.সকলহে নিযুক্ত হৈ আছে তাক সুনিশ্চিত কৰা। কে.এছ.বি/এম.অ.ডি.ৰ আগতীয়া অনুমোদন সাপেক্ষে অসামৰিক কৰ্মীসকলক নিয়োগ কৰা হব।
  19. জেড.এছ.বি.সমূহ/আৰ.এছ.বি.সমূহ আৰু কে.এছ.বি.ৰ সৈতে ই-মেইল যোগাযোগ স্থাপন কৰা।
  20. কে.এছ.বি.ৰ দ্বাৰা মনোনীত অঞ্চলসমূহৰ আঞ্চলিক সভা অনুষ্ঠিত কৰা।

জিলা সৈনিক কল্যাণ কাৰ্যালয় (জেড.এছ.ডব্লিউ.অ.)/জিলা সৈনিক পৰিষদ (জেড.এছ.বি.সমূহ), যি হল এই সংস্থাটোৰ ক্ষেত্ৰীয় গোট, তলত দিয়া কাৰ্যসমূহৰ বাবে দায়বদ্ধ-

  1. দেশখনৰ সশস্ত্ৰ বাহিনী সম্পৰ্কে সাধাৰণ মানুহক তথ্য প্ৰচাৰ কৰা আৰু অসামৰিক জনতা, চাকৰিয়াল বিষয়া আৰু প্ৰাক্তন চাকৰিয়ালসকলৰ মাজত এক শুভ চিন্তাৰ অনুভৱ বজাই ৰখা তথা তাক উন্নীত কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰা।
  2. চাকৰিয়াল আৰু প্ৰাক্তন চাকৰিয়ালসকলৰ পৰিয়ালসমূহৰ কল্যাণ পৰ্যবেক্ষণ কৰা আৰু তেওঁলোকৰ ঘটনাসমূহ স্থানীয় প্ৰশাসন বা সুৰক্ষা কৰ্তৃপক্ষৰ সৈতে প্ৰতিনিধিত্ব কৰাত সহায় কৰা। প্ৰত্যেক জেড.এচ.ডব্লিউ.অ/আৰ.এছ.বি.ত নিয়োজিত কল্যাণ সংগঠকসকলে ক্লায়েণ্টসকলক তেওঁৰ ঘৰতে যোগাযোগ কৰা, তেওঁলোকৰ সমস্যা, প্ৰয়োজন আৰু আশংকাসমূহ তালিকাভুক্ত কৰা, এইসমূহ সম্পৰ্কে তথ্য জেড.এছ.ডব্লিউ.অ/আৰ.এছ.বি.লৈ যোগান ধৰা, এইসমূহ সমাধান কৰা আৰু পুনৰসংস্থাপন আৰু কল্যাণকামী ব্যৱস্থাসমূহ সম্পৰ্কে এনে ঠাইত সজাগতা বিস্তাৰ কৰা, যত লাভদায়ক ইত্যাদিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
  3. সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ চৰ্তাৱলী সম্পৰ্কে সাধাৰণ ৰাইজলৈ তথ্যৰ যোগান ধৰা আৰু ইচ্ছুক প্ৰাৰ্থীসকলক তালিকাভুক্ত হবলৈ সঠিক নিয়োগকৰ্তা কৰ্তৃপক্ষৰ ওচৰলৈ অগ্ৰসৰহোৱাত সহায় কৰা।
  4. পেন্সন প্ৰদানকাৰী কাৰ্যালয়/পেন্সন প্ৰদানকাৰী শাখা ডাক কাৰ্যালয়ৰ সংখ্যাৰ সঠিকতাৰ প্ৰতি নজৰ দিয়া।
  5. বিভিন্ন মিলিটেৰী আৰু অসামৰিক দাতব্য নিধিৰ পৰা সাহায্যৰ বাবে আবেদনসমূহ বিবেচনা কৰা আৰু উপযুক্ত পৰামৰ্শ আগবঢ়োৱা।
  6. তেওঁলোকৰ আয়ত্বাধীন নিধিৰ পৰা প্ৰাক্তন চাকৰিয়াল আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকললৈ বিত্তীয় সাহায্যৰ অনুমোদন। কে.এছ.বি.ৰ পৰা বিত্তীয় সাহায্যৰ বাবে ই.এছ.এম আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ ঘটনাসমূহ চুপাৰিছ কৰা।

জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ কল্যাণমূলক দায়িত্বসমূহে সকলো এনে পৰম্পৰাগত কাৰ্যক পৰিবেষ্টিত কৰিব, যিসমূহে ইতিমধ্যে এই কাৰ্যালয়সমূহৰ দ্বাৰা তলত দিয়াসমূহৰ বিশেষ উদ্ধৃতিৰে কাৰ্যকৰী হৈ আছে।

  1. প্ৰাক্তন চাকৰিয়ালসকলৰ পেন্সন বা অন্যান্য অৱসৰকালীন/মোকলন লাভ/বকেয়া আৰু ভাৰতীয় ৰেড ক্ৰছ সমাজ ইত্যাদিৰ দৰে অন্যান্য সংস্থা বা কেন্দ্ৰীয়/ৰাজ্যিক চৰকাৰৰ পৰা প্ৰাক্তন চাকৰিয়ালৰ হিতাধিকাৰী আৰু নিৰ্ভৰশীলসকললৈ সৌজন্যমূলকভাৱে আগবঢ়োৱা সাহায্য বা বিত্তৰ দৰে বিত্তীয় সমস্যাসমূহৰ সমাধান।
  2. জিলাৰ পেন্সন বিতৰণ বিষয়া/সংস্থাৰ সৈতে তত্কালীন আৰু সঠিকভাৱে পেন্সন আৰু প্ৰাক্তন চাকৰিয়াল পেন্সনাৰ বা তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকললৈ সাহায্য আদায় সুনিশ্চিত কৰিবলৈ ঘনিষ্ট সম্পৰ্ক বজাউ ৰখা।
  3. ভূমি আৰু অন্যান্য বিতৰ্কসমূহৰ নিষ্পত্তিৰ বাবে সাহায্য প্ৰদান।
  4. কৰ্তব্যৰ খাতিৰত দূৰৈত পৃথকভাৱে থকা কৰ্মৰত বিষয়াৰ অনুপস্থিতিত তেওঁৰ পৰিয়ালক সাহায্য আগবঢ়োৱা।
  5. সৈনিক কল্যাণ সঞ্চালকালয়ৰ অধীনত জিলাসমূহত প্ৰাক্তন চাকৰিয়ালসকলৰ কাৰণে জিৰণি গৃহ, পেন্সনাৰ বৃদ্ধাৱাস, কৰ্মৰত সুৰক্ষা বিষয়া আৰু প্ৰাক্তন চাকৰিয়ালসকলৰ লৰা-ছোৱালীৰ বাবে বৃত্তিমূলক প্ৰশিক্ষণ আৰু অন্যান্য প্ৰশিক্ষণৰ সুবিধা তথা হোষ্টেলৰ দৰে ব্যৱস্থাসমূহ উন্নীত কৰা আৰু পৰিচালনা কৰা।
  6. মিলিটেৰী/অসামৰিক চিকিত্সালয়সমূহত চিকিত্সা কৰাৰ বাবে সাহায্য ব্যৱস্থা সবল কৰা।
  7. জিলাসমূহত প্ৰাক্তন চাকৰিয়াল আৰু তেওঁলোকৰ পৰিয়াল/নিৰ্ভৰশীলসকলৰ বাবে কল্যাণ তথা সা-সুবিধাৰ অতিৰিক্ত উত্সসমূহ বৃদ্ধি কৰিবলৈ ভাৰতীয় ৰেড ক্ৰছ ছচাইটী, বেচৰকাৰী সংস্থাসমূহ আৰু স্বেচ্ছাসেৱী সংস্থাসমূহৰ দৰে অন্যান্য কল্যাণকামী সংস্থাসমূহৰ সৈতে সম্পৰ্ক বজাই ৰখা।
  8. যুদ্ধৰ বিধৱা, নিৰ্ভৰশীল আৰু অক্ষমসকলৰ তেওঁলোকৰ কল্যাণ সুনিশ্চিতকৰণৰ এখন শেহতীয়াভাৱে উন্নীত পঞ্জীয়ন বহী সক্ৰিয়ভাৱে বাহাল ৰখা।
  9. সুৰক্ষা মন্ত্ৰালয় (ভাৰত চৰকাৰ), কে.এছ.বি. তেওঁলোকৰ অধিক্ষেত্ৰৰ অধীনৰ আদালতৰ মোকৰ্দমাসমূহত প্ৰতিনিধিত্ব কৰা, যত এই সংস্থাসমূহ উত্তৰদাতা।
  10. প্ৰাক্তন-চাকৰিয়াল সাহায্যকাৰী স্বাস্থ্য আঁচনি ই.চি.এইছ.এছ. সম্পৰ্কে প্ৰাক্তন-চাকৰিয়াল আৰু পৰিয়াল পেন্সনাৰসকলক তথ্য যোগান ধৰা।
  11. তেওঁলোকৰ জেড.এছ.বি.সমূহ যাতে আৰ.এছ.বি. সঞ্চালকৰ দ্বাৰা প্ৰতি বছৰে যথাযথভাৱে পৰিদৰ্শন কৰা হয়, তাক সুনিশ্চিত কৰা।

প্ৰাক্তন চাকৰিয়ালসকলৰ পুনৰসংস্থাপনৰ ক্ষেত্ৰত জিলা সৈনিক কল্যাণ কাৰ্যালয়(জে.এছ.ডব্লিউ.অ.সমূহ)ৰ দায়িত্বসমূহ-

  1. নিম্নোল্লেখিতসমূহৰ সৈতে প্ৰাক্তন চাকৰিয়ালসকলৰ নিয়োগৰ জৰিয়তে পুনৰসংস্থাপনৰ উদ্দেশ্যেৰে সক্ৰিয় আৰু নিবিড় সম্পৰ্ক বজাই ৰখা-
    • স্থানীয় কেন্দ্ৰীয়/ৰাজ্যিক/ব্যক্তিগত ঔদ্যোগিক সংস্থা।
    • স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰ, বিশেষকৈ ৰাজ্যসমূহত যত প্ৰাক্তন চাকৰিয়ালসকলৰ পুনৰ সংস্থাপনৰ বাবে ইয়াৰ সহ-পৃষ্ঠপোষকতাৰ ক্ষমতা আছে।
    • জিলা উদ্যোগ/খণ্ড উন্নয়ন কাৰ্যালয় আৰু ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ প্ৰতি আগ্ৰহী প্ৰাক্তন চাকৰিয়ালসকলক সাহায্য আগবঢ়োৱা।
  2. প্ৰাক্তন চাকৰিয়ালসকলক তেওঁলোকৰ আত্ম-নিয়োজনৰ বাবে সমবায় গঠন আৰু স্থাপন কৰাত সহায় কৰা।
  3. যুদ্ধৰ বিধৱা, নিৰ্ভৰশীলসকল আৰু যুদ্ধ অক্ষমসকলৰ লগতে যিয়ে কৰ্মৰত অৱস্থাত উল্লেখযোগ্য কাৰণত মৃত্যুবৰণ কৰিছে/অক্ষম হৈ পৰিছে, তেওঁলোকলৈ সকলো পুনৰ সংস্থাপনৰ সাহায্য প্ৰদান কৰা।
  4. প্ৰাক্তন চাকৰিয়ালসকলক আত্ম-নিয়োজন উদ্যোগৰ বাবে প্ৰকল্প প্ৰতিবেদনৰ প্ৰস্তুতিকৰণ আৰু ডি.জি.আৰ. পুনৰ সংস্থাপন আঁচনিৰ অধীনত ঋণ প্ৰাপ্তিত সাহায্য প্ৰদান কৰা।

জিলা সৈনিক কল্যাণ কাৰ্যালয় (জি.এছ.ডব্লিউ.অ.)ৰ অন্যান্য দায়িত্বসমূহ হল-

  1. জেড.এছ.বি. (জিলা সংগ্ৰাহক)ৰ সভাপতিৰ পৃষ্ঠপোষকতাধীন সশস্ত্ৰ বাহিনী পতাকা দিৱস অনুষ্ঠিত কৰা আৰু জিলাত পতাকা দিৱস বৰঙণি আৰু অন্যান্য কৰ্তৃত্বসম্পন্ন নিধি গঠনৰ ব্যৱস্থা কৰা।
  2. বাঞ্ছনীয়ভাৱে প্ৰত্যেক মাহৰে এটা নিৰ্দিষ্ট দিনত প্ৰাক্তন চাকৰিয়াল আৰু বিধৱাসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ জে.এছ.বি.ৰ সভাপতিৰ সৈতে কল্যাণমূলক সভা, প্ৰাক্তন চাকৰিয়ালসকলৰ সমাবেশ/পুনৰ-মৈত্ৰী আদি অনুষ্ঠিত কৰা।
  3. প্ৰাক্তন চাকৰিয়াল আৰু তেওঁলোকৰ নিৰ্ভৰশীলসকলৰ বাবে আত্ম-নিয়োজনৰ উদ্যোগ স্থাপন বা নিয়োগৰ সন্ধান কৰিবলৈ সক্ষম কৰি তুলিবলৈ শিক্ষামূলক আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ সুবিধা ব্যৱস্থা কৰাৰ বাবে সুযোগৰ অন্বেষণ কৰা।
  4. সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়াবলৈ প্ৰযোজ্য চৰ্তাৱলীৰ ক্ষেত্ৰত জিলাৰ ভিতৰত তথ্য প্ৰচাৰ কৰিবলৈ আহ্বান জনোৱা মাত্ৰেই তেনে দৰণৰ সেৱাত সাহায্য প্ৰদান কৰা।