মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন সৈনিক কল্যান সঞ্চালকালয়

কিছুমান কাৰ্যৰ বাবে দায়িত্বসমূহ(ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে ডি.এছ.ডব্লিউ., আৰ.এছ.বি.)

সৈনিক কল্যাণ সঞ্চালকালয়/ৰাজ্যসমূহৰ ৰাজ্য সৈনিক পৰিষদ/কেন্দ্ ৰীয় শাসিত অঞ্চলসমূহ তলত দিয়া কাৰ্যসমূহৰ বাবে দায়িত্ববাহী-

  • ৰজ্যৰ জিলা সৈনিক কল্যাণ কাৰ্যালয়সমূহৰ কাম-কাজসমূহ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰা আৰু সেইসমূহৰ ফলপ্ৰসূ কাৰ্যকাৰিতা সুনিশ্চি কৰা।
  • ৰাজ্যখনৰ সংৰক্ষণৰ নীতি অনুসৰি প্ৰাক্তন চাকৰিয়াল আৰু বিধৱাসকলৰ বাবে খালী পদৰ অনুসন্ধান কৰিবলৈ ৰাজ্যখনৰ মন্ত্ৰালয়সমূহ, ৰাজ্যিক পৰিকল্পনা আৰু উদ্যোগ তথা বেংকসমূহৰ সৈতে সংযোগ বজাই ৰখা আৰু নিয়োগ নীতি অনুসৰি এনে খালী পদসমূহ পৰ্যবেক্ষণ কৰা তথা এইসমূহ যাতে প্ৰাক্তন চাকৰিয়াল তথা বিধৱাসকলে পূৰণ কৰে তাক সুনিশ্চিত কৰা আৰু কেন্দ্ৰৰ নিয়ম অনুসৰি ৰাজ্যখনত প্ৰাক্তন চাকৰিয়ালসকলৰ বাবে সংৰক্ষণৰ নীতি সংশোধিত কৰা।
  • সশস্ত্ৰ বাহিনীৰ মৃত তথা জীৱিত ব্যক্তি বিষয়াসকলৰ পৰিয়াল আৰু প্ৰাক্তন চাকৰিয়ালসকলৰ পুনৰসংস্থাপন আৰু কল্যাণৰ বাবে ব্যৱস্থা উন্নীত কৰা।
  • দেশখনৰ সশস্ত্ৰ বাহিনী সম্পৰ্কে সাধাৰণ মানুহক তথ্যৰ যোগান ধৰা আৰু সাধাৰণ মানুহৰ মাজত সশস্ত্ৰ বাহিনীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাবলৈ ব্যৱস্থা গ্ৰহণ কৰা।
  • কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ দ্বাৰা বিহিত নিৰ্দেশনা নীতি-নিৰ্দেশনা অনুসৰি বাৰ্ষিক পৰিদৰ্শনকে ধৰি ৰাজ্যখনত জিলা সৈনিক কল্যাণ কাৰ্যালয়সমূহ পৰিচালনা কৰা। ৰাজ্য প্ৰশাসনৰ লগত সহযোগিতাৰে, জিলা সৈনিক কল্যাণ বিষয়াসকল আৰু তেওঁলোকৰ কৰ্মচাৰীসকলৰ পদসমূহ খালী হোৱাৰ লগে লগে পূৰ হোৱাটো সুনিশ্চিত কৰা।
  • কে.এছ.বি.ৰ সচিবৰ দ্বাৰা অৰ্পিত দায়িত্বসমূহ পালন কৰা।
  • ৰাজ্যখনৰ সৈনিক কল্যাণ বিভাগ/আৰ.এছ.বি. আৰু জে.এ.ডব্লিউ/জে.এছ.বি.সমূহৰ স্থাপন ব্যয়ৰ বাবে ব্যয়ৰ ৭৫ শতাংশ দাবী কৰিবলৈ কে.এছ.বি.সমূহক নথি-পত্ৰ দাখিল কৰা।
  • ই.এছ.এম. আৰু বিধৱাসকল দুয়োটাৰ বাবে পেঞ্চনাৰ আৰু অ-পেঞ্চনাৰ শিতানৰ অধীনত কৰ্মৰত সুৰক্ষা বিষয়াসকলৰ পৰিয়াল, ই.এছ.এম, অক্ষম ই.এছ.এম, বিধবা আৰু নিৰ্ভৰশীলসকলৰ শেহতীয়া পৰিসংখ্যা বজাই ৰখা।
  • প্ৰতিবেদন আৰু বিৱৰণীসমূহ সময় মতে কে.এছ.বি.ৰ ওচৰত দাখিলকৰণ সুনিশ্চিত কৰা।
  • মুখ্যমন্ত্ৰী/ৰাজ্যপালৰ সভাপতিত্বৰ অধীনত আৰ.এছ.বি. সভা অনুষ্ঠিত কৰা আৰু ৰাজ্যৰ ৰাজ্যপালৰ অধীনত সংগৃহীত বিশেষ বিধি সভা অনুষ্ঠিত কৰা. এই সভাসমূহত সৃষ্টি হোৱা আৰু ৰূপায়িত হোৱা কল্যাণ আৰু পুনৰপ্ৰতিষ্ঠাকৰণৰ ব্যৱস্থা, নতুন পৰিকল্পনাসমূহ সম্পৰ্কে সমীক্ষা পৰ্যালোচনা কৰা হয়।
  • ব্যক্তিগত খণ্ডত ই.এছ.এম. আৰু বিধৱাসকলৰ বাবে নিয়োগৰ সুবিধাৰ অনুসন্ধান কৰা আৰু পৰ্যবেক্ষণ কৰা।
  • স্ব-নিয়োজনৰ উদ্যোগসমূহৰ পৰিকল্পনা আৰু নিধি যোগানৰ ই.এছ.এম আৰু বিধৱাসকলক সহায় কৰা।
  • সমগ্ৰ বছৰ জুৰি সংগ্ৰহ অভিযান বৃদ্ধি কৰিবলৈ বিভিন্ন ৰাজ্যিক আৰু স্বেচ্ছাসেৱী সংস্থাসমূহৰ বাবে লক্ষ্য স্থিৰ কৰিবলৈ সশস্ত্ৰ বাহিনী পতাকা দিৱস নিধি কমিটীৰ সভা অনুষ্ঠিত কৰা। সংগৃহীত বিশেষ নিধিসমূহ প্ৰতিপালন কৰা আৰু এই নিধিসমূহৰ পৰিচালনা সমিতিৰ সিদ্ধান্ত অনুসৰি এই নিধিসমূহৰ পৰা ৰাজ্যখনত কল্যাণমূলক আঁচনিসমূহ উন্নীত কৰা।
  • প্ৰাক্তন চাকৰিয়াল আৰু বিধৱাসকলৰ বাবে অতিৰিক্ত কল্যাণমূলক ব্যৱস্থা গ্ৰহণ কৰা। প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিভাগটোৰ দ্বাৰা গৃহীত হৈ থকা কল্যাণমূলক ব্যৱস্থা সম্পৰ্কে বহুল প্ৰচাৰকৰণ।
  • প্ৰাক্তন চাকৰিয়াল আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ দ্বাৰা প্ৰকাশিত কৰ্তব্যমূলক আৰু অন্যান্য সমস্যাসমূহ ঠাইতে সমাধান আৰু প্ৰদত্ত বিভিন্ন সুবিধাসমূহ সম্প্ৰসাৰিতকৰণ প্ৰচাৰ কৰিবলৈ প্ৰাক্তন চাকৰিয়াল সমাবেশ আৰু পেন্সন আদালত অনুষ্ঠিতকৰণ।
  • সংশ্লিষ্ট ৰাজ্যত অনুষ্ঠিত হৈ থকা প্ৰাক্তন চাকৰিয়ালৰ প্ৰশিক্ষণ সম্পৰ্কে ডি.জি.আৰ/কে.এছ.বি.ৰ সচিবলৈ প্ৰতিবেদন প্ৰেৰণ কৰা আৰু পৰিৱৰ্ত্তিত শৈলীৰ সৈতে সমানভাৱে পাঠ্যক্ৰমসমূহত পৰিৱৰ্তন সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰা।
  • জেড.এছ.বি.সমূহৰ বাৰ্ষিক পৰিদৰ্শন পৰিচালক পৰিচালনা কৰা আৰু প্ৰতিবেদনসমূহ উপায়ুক্তসকল তথা কে.এছ.বি.ৰ মুখ্য সচিবৰ ওচৰত দাখিল কৰা।
  • ভাট্টা আৰু দৰমহালৈ ৭৫ শতাংশ কেন্দ্ৰীয় অংশৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ আৰ.এছ.বি.সমূহ/জেড.এছ.বি.সমূহত কেৱল যে ই.এছ.এম.সকলহে নিযুক্ত হৈ আছে তাক সুনিশ্চিত কৰা। কে.এছ.বি/এম.অ.ডি.ৰ আগতীয়া অনুমোদন সাপেক্ষে অসামৰিক কৰ্মীসকলক নিয়োগ কৰা হব।
  • জেড.এছ.বি.সমূহ/আৰ.এছ.বি.সমূহ আৰু কে.এছ.বি.ৰ সৈতে ই-মেইল যোগাযোগ স্থাপন কৰা।
  • কে.এছ.বি.ৰ দ্বাৰা মনোনীত অঞ্চলসমূহৰ আঞ্চলিক সভা অনুষ্ঠিত কৰা।